Job 1

ইয়োবৰ সাধুতা আৰু তেওঁৰ উন্নতি

1উচ দেশত ইয়োব নামেৰে এজন মানুহ আছিল। সেই পুৰুষ সিদ্ধ, সৰল, ঈশ্বৰলৈ ভয় ৰাখোঁতা, আৰু দুষ্টতাৰ পৰা আঁতৰি থাকোঁতা। 2তেওঁৰ সাতোটা পুতেক আৰু তিনি জনী জীয়েক জন্ম হয়। 3তেওঁৰ সাত হাজাৰ মেৰ ও ছাগ, তিনি হাজাৰ উট, পাঁচ শ হাল বলদ, পাচ শ গাধী, আৰু অতি অধিক দাস-দাসী আছিল; এই কাৰণে সেই পুৰুষ পুব দেশৰ লোকবিলাকৰ মাজত সকলোতকৈ মহান আছিল।

4তেওঁৰ পুতেকবিলাকে গৈ, যি দিনা যাৰ পাল পৰে, সেই দিনা তাৰ ঘৰত ভোজ খায়গৈ, আৰু মানুহ পঠাই তেওঁবিলাকৰ তিনি জনী ভনীয়েককো তেওঁবিলাকৰ লগত ভোজন-পান কৰিবলৈ নিমন্ত্ৰণ কৰে। 5পাছে তেওঁবিলাকৰ ভোজনৰ দিন উকলি গলে, ইয়োবে মানুহ পঠাই তেওঁবিলাকক পৱিত্ৰ কৰায়, আৰু ৰাতিপুৱাতে উঠি তেওঁবিলাকৰ সকলোৰে সংখ্য়া অনুসাৰে হোম-বলি দিয়ে; কাৰণ ইয়োবে কয়, কিজানি মোৰ পো-হঁতে পাপ কৰি অন্তৰৰ পৰা ঈশ্বৰক বিদায় দিলে। ইয়োবে সদায় এইদৰে কৰে।

ইয়োবৰ প্ৰথম পৰীক্ষা

6কোনো এদিন ঈশ্বৰৰ সন্তানবিলাক যিহোৱাৰ সম্মুখত থিয় হবলৈ উপস্থিত হলত, তেওঁবিলাকৰ লগত চয়তানো উপস্থিত হল। 7তাতে যিহোৱাই চয়তানক সুধিলে, তুমি ক’ৰ পৰা আহিলা? চয়তানে যিহোৱাক উত্তৰ দি কলে, মই পৃথিৱী ভ্ৰমণ কৰি, আৰু তাৰ মাজত ইফালে সিফালে ফুৰি আহিলো। 8তেতিয়া যিহোৱাই চয়তানক সুধিলে, তুমি মোৰ দাস ইয়োবলৈ মন কৰা নাই নে? কিয়নো তেওঁৰ নিচিনা সিদ্ধ, সৰল, ঈশ্বৰলৈ ভয় ৰাখোতা, আৰু দুষ্টতাৰ পৰা আঁতৰি থাকোঁতা লোক পৃথিৱীত কোনো নাই।

9চয়তানে উত্তৰ দি যিহোৱাক কলে, ইয়োবে জানো বিনালাভে ঈশ্বৰলৈ ভয় ৰাখে? 10আপুনি তেওঁৰ চাৰিওফালে, আৰু তেওঁৰ ঘৰৰ ও সৰ্ব্বস্বৰ চাৰিওফালে জানো বেৰা দিয়া নাই? আপুনি তেওঁৰ হাতৰ কাৰ্য্যবোৰ আশীৰ্বাদযুক্ত কৰিলে আৰু তেওঁৰ সম্পত্তিও দেশত বৃদ্ধি ফালে। 11কিন্তু আপুনি এবাৰ হাত মেলি তেওঁৰ সৰ্ব্বস্ব স্পৰ্শ কৰক; তাতে তেওঁ অৱশ্যে আপোনাৰ সাক্ষাতেই আপোনাক বিদায় দিব। 12তাতে যিহোৱাই চয়তানক কলে, চোৱা, তেওৰ সৰ্ব্বস্বৰ ওপৰত তোমাৰ ওপৰত তোমাৰ ক্ষমতা আছে; কেৱল তেওঁৰ ওপৰতহে হাত নিদিবা। তেতিয়া চয়তান যিহোৱাৰ ওচৰৰ পৰা ওলাই গল।

13কোনো এদিন ইয়োবৰ পুতেক-জীয়েকবিলাকৰ বৰককায়েকৰ ঘৰত ভোজন, আৰু দ্ৰাক্ষাৰস পান কৰি থাকোঁতে, 14ইয়োবৰ ওচৰলৈ এজন দুতে আহি কলে, গৰুবোৰে হাল টানিছিল আৰু গাধীবোৰ সেইবোৰৰ ওচৰত চৰি আছিল; 15এনেতে চিবায়ীয়াহঁতে আক্ৰমণ কৰি সেই সকলোকে লৈ গল, এনে কি, সিহঁতে তৰোৱালৰ ধাৰেৰে দাসবিলাকক বধ কৰিলে; আপোনাক সম্বাদ দিবলৈ কেৱল মই অকলেহে ৰক্ষা পালোঁ।

16সি কৈ থাকোতেই আৰু এটাই আহি কলে, আকাশৰ পৰা ঈশ্বৰৰ অগ্নি পৰি, দাসে সৈতে মেৰৰ জাকক দগ্ধ কৰি সেইবোৰক গ্ৰাহ কৰিলে; আপোনাক সম্বাদ দিবলৈ কেৱল মই অকলেহে ৰক্ষা পালোঁ। 17সি কৈ থাকোঁতেই, আৰু এটাই আহি কলে, কলদীয়াহঁতে তিনি দল হৈ উটবোৰক আক্ৰমণ কৰি সেইবোৰক লৈ গল, এনে কি, সিহঁতে তৰোৱালৰ ধাৰেৰে দাসবিলাকক বধ কৰিলে; আপোনাক সম্বাদ দিবলৈ কেৱল মই অকলেহে ৰক্ষা পালোঁ।

18সি কৈ থাকোতেই, আৰু এটাই আহি কলে, আপোনাৰ পো-জীবিলাকে তেওঁবিলাকৰ বৰ ককায়েকৰ ঘৰত ভোজন, আৰু দ্ৰাক্ষাৰস পান কৰি আছিল; 19এনেতে চাওক, অৰণ্যৰ সিফালৰ পৰা বৰ ধুমুহা এটা আহি ঘৰটোৰ চাৰিও চুকত লগাত, সেই ডেকাবিলাকৰ ওপৰত ঘৰটো পৰিল, তাতে তেওবিলাকে প্ৰাণত্যাগ কৰিলে; আপোনাক সম্বাদ দিবলৈ কেৱল মই অকলেহে ৰক্ষা পালোঁ।

20তেতিয়া ইয়োবে উঠি নিজৰ চোলা ফালি আৰু মুৰ খুৰাই, মাটিত পৰি প্ৰণিপাত কৰি কলে, 21মই মাতৃৰ গৰ্ভৰ পৰা উদঙে আহিলোঁ, আৰু উদঙে তালৈ উলটি যাম; যিহোৱাই দিছিল, আৰু যিহোৱাই নিলে; যিহোৱাৰ নাম ধন্য হওক। এই সকলোতো ইয়োবে পাপ নকৰিলে, আৰু ঈশ্বৰত অজ্ঞানতাৰ দোষাৰোপ নকৰিলে।

22

Copyright information for AsmULB